অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2012

মাজ নিশা মোৰ এন্ধাৰ ঘৰত





মাজ নিশা মোৰ এন্ধাৰ ঘৰত

কোনে ঘনে ঘনে অহা যোৱা কৰে

ঘুমতি ভাগিছে বাৰে বাৰে

মোৰ ঘুমতি ভাগিছে বাৰে বাৰে



তুমি কোনহে চিকুণ চোৰ

আজি নিবা নে সর্ব মোৰ

তোমাক নেদেখি দেখিছোঁ

নিচিনি চিনিছোঁ

চৰণৰ ধ্বনিৰে

আঁৰে আঁৰে

মোৰ ঘুমতি ভাগিছে বাৰে বাৰে



মোৰ গোপন ঘৰৰ গভীৰ এন্ধাৰ ভৰি          

কি ধন আছে মই নিজেই নেপাওঁ ধৰি

মোৰ সকলো উদং কৰি

তুমি লৈ যোৱা আজি হৰি

এই এন্ধাৰৰ ধন

পোহৰৰ মাজে

লৈ যোৱা আজি ভাৰে ভাৰে

ঘুমতি ভাগিছে বাৰে বাৰে
                             



(ইউনিক'ডীয় ৰূপান্তৰ  মিতালী বর্মন)