মোৰ
অন্তৰ
যায় জ্বলি
বন্ধন যায় খুলি !
কোনে
প্ৰতিভা মোৰ কৰিলি মুকলি
প্ৰাণ
কৰে
আকুলি বিকুলি ৷
কোন তই
নৱ ৰবি
প্ৰাগজ্যোতিষৰ কৱি ৷
শ্বেত বীণা ঝঙ্কাৰি
গায়ত্ৰী ওঙ্কাৰি
আনি দিলি প্ৰাণলৈ মহাজগৰণ
গৰ্ভ ভেদি মোৰ
ইকি শিহৰণ্ !
জাগিলো ভাঙি-ছিঙি
ভোঁহাৰি-বিদাৰি মই
শতাব্দী
শুপ্তিৰ
শিলা-আৱৰণ
৷
মোৰেই লগতে জাগ
অযুত নিযুত
যত
আজিও যি
শুপ্তি মগন
তিনি ভুৱনৰ
হৃদয়ে
হৃদয়ে
মন্দিৰে
মছজিদে
মই
জ্বলাম
অগ্নিবাতি
মহামনীষাৰ
জ্যোতিসম্ভূতা
ময়েই
স্বৰ্গজ্যোতি
মই
ভ্ৰান্তিৰ ধ্ৰুবজ্যোতি ৷
নৱ জীৱনৰ
নৱ
আলোকৰ
অগ্নি
অমৃত জ্বালি
মোৰ গৰ্ভতেই
আহি
থিত দিয়ে
মহাপ্ৰতিভাৰ
প্ৰচণ্ড
অংশুমালী ৷
কক্ষত মোৰ
শোভিছে
ইন্দ্ৰ, মহা জ্ঞানেন্দ্ৰ
তাৰকা
চন্দ্ৰ জ্যোতষ্ক অৰ্কমালা
প্ৰভাত কিৰণ কৰ সুৰধুনী
অগ্ৰগানিনী
৷
মইয়েই
অগ্ৰৱালা ৷
[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত-কৱিতা]
[ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া]
No comments:
Post a Comment