কাৰ আকাশৰ ৰামধেনুখনি
কেনি বা লুকায়
কাৰ সপোনৰ ফুলনিখনি
মৰহি শুকায়
জীৱনৰে লুইতত নাওঁ মেলি দিলে
আশাৰে তৰিলে পাল
একোকে নেপালে পাৰো হেৰুৱালে
নিছিগে মায়াৰে জাল
হায় হায় হায়
উৰি গুছি গ’ল লুইতপৰীয়া
চাকৈ চকোৱা হাল
অকলশৰীয়া শিখাটি জ্বলাই
ৰ’বনো কতনা চাই
নিশা এন্ধাৰত চগাকে চিঞৰি
শিখাটি বলিয়া হ’ল
চগাই জোনৰ হাঁহিটি দেখি
শিখাকো পাহৰি গ’ল
মানৱী জলধিত পুৱাতে উঠিলে
জনমৰে কোলাহল
নিমাতী গধূলি আহিলে কুঁৱলি
মৰণৰে মহাকাল
(ইউনিক’ডীয় ৰূপান্তৰ-মালিনী গোস্বামী)
No comments:
Post a Comment