অনুসন্ধান আকাংক্ষাত

Monday, September 3, 2012

চাহেব যাই আগতে, ভকত যাই পাছতে




আজানদেও চাহেব

আজি কোন বিহিষ্টলৈ বা যাই !



চাহেব যাই আগতে,

হয় চাহেব হয়;

চাহেব যাই আগতে,

হয় চাহেব হয় |

ভকত যাই পাছতে,

হয় চাহেব হয়,

হে ভকত যাই পাছতে,

হয় চাহেব হয়

হাই হাই হয়,

সোণাই নো নৈৰ পাৰতে

ঘৰে আল্লাৰ ৰহমৰ গিৰিহঁত

তুমি আল্লা চাহেব হয়

যদি কৰা দৰিয়া পাৰ |



শুকুৰবাৰৰ বেলিয়া,

হয় চাহেব হয়,

দুপৰ চাই দৰিয়া,

হয় চাহেব হয়,

হাই হাই হয়

চাহেব ঢুকাল বুলি

ওলাল আল্লাৰ ৰহমৰ গিৰিহঁত

তুমি আল্লা চাহেব হয়

যদি কৰা দৰিয়া পাৰ | (...২ বাৰ)



ফুলাম বৰে কাপোৰ,

হয় চাহেব হয়,

গাতে মেলি দিলে,

হয় চাহেব হয়,

হাই হাই হয়

চাহেবৰ বিহিষ্টিত

লে আল্লাৰ ৰহমৰ গিৰিহঁত

তুমি আল্লা চাহেব হয়

যদি কৰা দৰিয়া পাৰ | (...২ বাৰ)



ৰাইজে ভকতে,

হয় চাহেব হয়,

গৰু , মুচাফিৰে,

হয় চাহেব হয়

হাই হাই হয়

মছজিদৰনো কাষতে

লে আল্লাৰ ৰহমৰ গিৰিহঁত

তুমি আল্লা চাহেব হয়

যদি কৰা দৰিয়া পাৰ | (...২ বাৰ)



সাজৰে মুকামত,

হয় চাহেব হয়,

উৰুমি লাগিছে,

হয় চাহেব হয়,

হাই হাই হয়

ছিগিলত মায়ঙৰ জৰী

আল্লাৰ ৰহমৰ গিৰিহঁত

তুমি আল্লা চাহেব হয়


যদি কৰা দৰিয়া পাৰ | (...২ বাৰ)

হিন্দুৱে বিলালে,

হয় চাহেব হয়,

হে মাহে পৰসাদে,

হয় চাহেব হয়,

হাই হাই হয়

মুছলমানে বিলালে

ৰুটি আল্লাৰ ৰহমৰ গিৰিহঁত

তুমি আল্লা চাহেব হয়

যদি কৰা দৰিয়া পাৰ | (...২ বাৰ)



যদি কৰা দৰিয়া পাৰ,

যদি কৰা দৰিয়া পাৰ,

যদি কৰা দৰিয়া পাৰ ||



* কন্ঠশিল্পী: মোহম্মদ ৰফি, ড০ ভূপেন হাজৰিকা
(ইউনিক'ডীয় ৰূপান্তৰ -প্ৰাঞ্জল বড়া)

No comments: