অনুসন্ধান আকাংক্ষাত

Friday, September 7, 2012

নোবোলো তোক সোণৰ অসম





নোবোলো তোক সোণৰ অসম

মাটিৰ অসম আই

নোবোলো তোক সোণৰ অসম

মাটিৰ অসম আই

সোণতকৈও যে চৰা

এই মাটিৰ এইয়ে মোৰ ওপজা ঠাই

মাটিৰ অসম আই

নোবোলো তোক সোণৰ অসম

মাটিৰ অসম আই


.....


অতীতত তোৰ কি ধন আছিলে

কেলেই লাগিছে মোক     

অতীতত তোৰ কি ধন আছিলে

কেলেই লাগিছে মোক

এতিয়া যে ত‍ই

নিচেই নিচলা

দুবেলা নুগুচে ভোক

নোবোলো তোক সোণৰ অসম

মাটিৰ অসম আই


......


দুখীয়া হলেও নিচলা হলেও

আ‍ই মোৰ মৰমৰ

দুখীয়া হলেও নিচলা হলেও

আ‍ই মোৰ মৰমৰ

আ‍ইত কৈনো বাৰু আছেনে আপোন

আ‍ইত কৈনো বাৰু আছেনে আপোন

আছেনে কোনোবা পৰ

নোবোলো তোক সোণৰ অসম

মাটিৰ অসম আই

এই মাটিৰ এইয়ে মোৰ ওপজা ঠাই

মাটিৰ অসম আই

নোবোলো তোক সোণৰ অসম

মাটিৰ অসম আই

মাটিৰ অসম আই

মাটিৰ অসম আই




(ইউনিক'ডীয় ৰূপান্তৰ  দীপা  ডেকা)

No comments: