কিনো কপাল সাধি আহিলি বান্ধব
ঘৰ মৰিশালী হল
আপোন হাতেৰে ফুলনী পাতিলি
থিতাতে মৰহি গল
কিনো কপাল সাধি আহিলি বান্ধব
ঘৰ মৰিশালী হল
.....
আকাশৰ মনেৰে জোনক শাও দিলি
জোনৰ নুবুজিলি ছল
জোনো লুকালে
জোনাকো পলালে
সৰিলে চকুলোৰ ঢল
হে কিনো কপাল সাধি আহিলি বান্ধব
ঘৰ মৰিশালী হল
.....
গৰু গাই মাউৰা
পাৰও মাউৰা
তাতৰ শাল নিমাও মাও হল
পুখুৰীৰ পাৰটো উকা উকা লাগে
সোৱৰনী পৰি ৰল
মনৰে দাপোনত
মনৰ মানুহজনী
কিয় নাইকীয়া হল
মায়াময় পৃ্থিৱীৰ
আশাৰে থাপনা
চেদেলি ভেদেলি হল
হে কিনো কপাল সাধি আহিলি বান্ধব
ঘৰ মৰিশালী হল
.....
মত্স কূৰ্ম নৰসিংহ
বামন পৰশুৰাম
হলিৰাম বৰাহ শ্ৰীৰাম
বুদ্ধ কল্কী নামে দশ
আকৃতি ধৰিছা কৃষ্ঞ
তযু পাৱে কৰোহো প্ৰনাম
...
মোৰে উদং ঘৰখনি
নঙলা খুলিতে
লখিমী উভতি আহি
নিজ হাতে সাৰিছেহি
মোৰে বাহি চোতালখনি
অ ওলালে মৰহা পাহি
...
এন্ধাৰকৈ আকাশত
আকৌ যেন দেখিছো
মৰমী জোনাকৰ ঢল
হেৰুৱালো কেনি
হাততো পাই যে
সংসাৰ শুৱনী হল
(ইউনিক’ডীয় ৰূপান্তৰ-দীপা ডেকা )
No comments:
Post a Comment