অনুসন্ধান আকাংক্ষাত

Monday, September 3, 2012

চেনাই মোৰ ঐ ..গুণগুণাই, গুণগুণাই, গুণগুণাই




চেনাই মোৰ ঐ

গুণগুণাই, গুণগুণাই, গুণগুণাই,

আহিলি

চকু টিপ মাৰিলি

ৰমৰমাই যায় মোৰ গা

মিঠা মিঠা গধুলি

মোকে কিয় জোকালি

আৰু নোজোকাও বুলি

গা চুই শপতে খা



ৰৈ ৰৈ মাতে কুলী কেতেকী

ৰৈ ৰৈ ৰৈ ৰৈ ম‍ই নাচো হৈ ৰচকী

সোণ ত‍ই ওলালিহি মিঠা বহাগত

খোপাতে কপৌ ফুল কঁপে উলাহত

কপৌ ফুলৰ লগতে

মোৰ কলাফুলতে

মৰম মৰম লগাকৈ

ঢৌবোৰে নাচিছে চা



জান ঐ ...চকু পিৰিক পাৰাক

জান ঐ ....হাঁহি মিচিক মাচাক

জান ঐ ...নিশাটো ইয়াতে থাক

জান ঐ ...চেনেহ মৌচাক

জান ঐ ...বুঢ়ালোকেও খেমিব পাপ

বৈ বৈ বৈ ৰঙানৈ বৈয়েই আছে

কৈ কৈ কৈ তোৰে কথাত লতাও নাচে



সোণ ত‍ই পুৰিলি গাভৰু মনক

কি সোৱাদ পাৱ পুৰি

আপোনজনক হে

মনৰ পথাৰ মুকলি

ৰমকে জমক



মোৰে বাহু পাশতে

এই বিহুৰ নিশাতে

আকাশৰে তলতে

মৰমতে ত‍ই পমি যা




(ইউনিক'ডীয় ৰূপান্তৰ -দীপা  ডেকা)

No comments: