নিয়ৰৰে ফুল,
এপাহ ফুলিল,
এপাহ সৰিল কেনি ?
যেনি যায় বলাকাই
মেঘ কাগজতে
নেদেখা ৰেখা টানি |
নিয়ৰৰে ফুল,
এপাহ ফুলিল,
এপাহ সৰিল কেনি ?!
যেনি যায় বলাকাই,
যেনি যায় বলাকাই
মেঘ কাগজতে
নেদেখা ৰেখা টানি |
নিয়ৰৰে ফুল,
এপাহ ফুলিল,
এপাহ সৰিল কেনি ?
আইনো জনীৰ
চকুৰ মণিত
দিনৰ পাহাৰ নাচিছিল |
অ’ আইনো জনীৰ
চকুৰ মণিত
দিনৰ পাহাৰ নাচিছিল |
সেই পাহাৰেই
ৰাতিৰ মায়াত
আকাশ হৈ পৰিছিল |
সেই পাহাৰেই
ৰাতিৰ মায়াত
আকাশ হৈ পৰিছিল |
অন্ধকাৰৰ এটোপাল মম
গান হৈ সৰি পৰিছিল...
অন্ধকাৰৰ এটোপাল মম
গান হৈ সৰি পৰিছিল,
শব্দময়ী পৰীৰ ৰাণী,
শব্দময়ী পৰীৰ ৰাণী
উৰি আহিছিল;
উৰি আহিছিল,
গণি গণি, তৰাৰ মালাৰ মণি,
গণি গণি তৰাৰ মালাৰ মণি |
এপাহ ফুলিল,
এপাহ সৰিল কেনি ?
যেনি যায় বলাকাই
যেনি যায় বলাকাই
মেঘ কাগজতে
নেদেখা ৰেখা টানি |
নিয়ৰৰে ফুল,
এপাহ ফুলিল,
এপাহ সৰিল কেনি ?!
সেই কন্ঠমণিৰ গুন-গুননি,
সেই কন্ঠমণিৰ গুন-গুননি,
গুন-গুননি, সৰি পৰি,
বনৰ নিয়ৰ হ’ল;
এপাহ ফুলিল,
এপাহ সৰিল কেনি ?!
এপাহ ফুলিল,
এপাহ সৰিল কেনি ?!
গুন-গুননি,
সেই কন্ঠমণিৰ গুন-গুননি...
সৰি পৰি বনৰ নিয়ৰ হ’ল |
এপাহ ফুলিল,
এপাহ সৰিল কেনি ?!
আইনো জনীৰ
চকুৰ মণিত
দিনৰ পাহাৰ নাচিছিল |
সেই পাহাৰেই
ৰাতিৰ মায়াত
আকাশ হৈ পৰিছিল |
অন্ধকাৰৰ এটোপাল মম
গান হৈ সৰি পৰিছিল |
শব্দময়ী পৰীৰ ৰাণী...
শব্দময়ী পৰীৰ ৰাণী
উৰি আহিছিল;
গণি গণি তৰাৰ মালাৰ মণি,
নিয়ৰৰে ফুল,
এপাহ ফুলিল,
এপাহ সৰিল কেনি ?!
যেনি যায় বলাকাই
মেঘ কাগজতে
নেদেখা ৰেখা টানি |
নিয়ৰৰে ফুল,
এপাহ ফুলিল,
এপাহ সৰিল কেনি ?
*গীতিকাৰ: নৱকান্ত বৰুৱা, *সুৰকাৰ: ?
*গায়ক: ভূপেন হাজৰিকা (পাছ্ত জুবিন গাৰ্গে আকৌ গাইছে )
*ইউনিক’ড/একসাংক্যিক ৰূপান্তৰণ: প্ৰাঞ্জল বড়া, ৮ নৱেম্বৰ, ২০১১
No comments:
Post a Comment