কথা :
লুইতৰ চাপৰি অসমৰ বাপতি সাহোন
পছিমৰ দিশৰে পছোৱা বলিছে
তাতে আকৌ কৰ নাৱৰীয়াই জানো বালিত ভাতে ৰান্ধি খায় !!
গীত :
লুইতৰ চাপৰিত কৰে নাৱৰীয়া
বালিত ভাতে ৰান্ধি খায়
সাউদৰ ডিঙৰা
বগা পালে তৰা
উজনি দেশলৈ যায়
লুইতৰ চাপৰিত কৰে নাৱৰীয়া
.......
হেৰ নাৱৰীয়া
মেলি দে ডিঙৰা
তৰি দে শুকুলা পাল
হেৰ নাৱৰীয়া
মেলি দে ডিঙৰা
তৰি দে শুকুলা পাল
পছিমৰ দিশৰে
পছোৱা আহিছে
পছোৱা আহিছে
বতাহ বলিছে
বতাহ বলিছে ভাল
বালিত ভাতে ৰান্ধি খায়
.......
পালতে লাগিব
পছিমৰ পছোৱা
তুল বুল কৰিব নাও
পালতে লাগিব
পছিমৰ পছোৱা
ঢৌৰ চেৱে চেৱে
নাৱে লগাই দিবি
হালিব জালিব
হালিব জালিব গাৱ
বালিত ভাতে ৰান্ধি খায়
সাউদৰ ডিঙৰা
বগা পালে তৰা
উজনি দেশলৈ যায়
উজনি দেশলৈ যায়
(ইউনিক'ডীয় ৰূপান্তৰ → দীপা ডেকা)
No comments:
Post a Comment