অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2012

মই লাচিতে কৈছো





মই লাচিতে কৈছো

মোৰ  সঘনাই নাম লোৱা

লুইতপৰীয়া ডেকা দল

………


মই লাচিতে কৈছো

মোৰ  সঘনাই নাম লোৱা

লুইতপৰীয়া ডেকা দল

……….


কোনে কাঢ়ি নিলে বাৰু

স্বদেশ প্ৰেমৰ গীত, ধৈৰ্য্য, সাহস আৰু দুবাহুৰ বল

………


কোনে কাঢ়ি নিলে বাৰু

স্বদেশ প্ৰেমৰ গীত, ধৈৰ্য্য, সাহস আৰু দুবাহুৰ বল

………….


মই লাচিতে কৈছো

মোৰ  সঘনাই নাম লোৱা  

মোৰ  সঘনাই নাম লোৱা

লুইতপৰীয়া ডেকা দল


……………..


মই লাচিতে কৈছো

মোৰ  সঘনাই নাম লোৱা 

মোৰ  সঘনাই নাম লোৱা

লুইতপৰীয়া ডেকা দল

……………


শত শত শ্বহীদৰ আত্মাই আহি

মোৰ মৈদাম আগুৰিছে বিননি তুলি


…………..


শত শত শ্বহীদৰ আত্মাই আহি

মোৰ মৈদাম আগুৰিছে বিননি তুলি


……………


সকলোৱে কৈছেহি দেশ জাতি সমাজৰ

শঠ প্ৰতাৰকবোৰ চিনাকি বুলি

বুকুৰে বান্ধৈ ঐ দিও কিনো সমিধান

কৰা নাই আজি মোৰ তেজে টলমল


……………


বুকুৰে বান্ধৈ ঐ দিও কিনো সমিধান

কৰা নাই আজি মোৰ তেজে টলমল

……………


মই লাচিতে কৈছো

মোৰ  সঘনাই নাম লোৱা 

মোৰ  সঘনাই নাম লোৱা

লুইতপৰীয়া ডেকা দল


……………..


মই লাচিতে কৈছো

মোৰ  সঘনাই নাম লোৱা 

মোৰ  সঘনাই নাম লোৱা

লুইতপৰীয়া ডেকা দল

……………….


স্বদেশৰ কাৰণে নৰিয়া দেহাৰে 

মই কৰিছিলো মোগলৰ সতে  মহাৰণ


……………..


স্বদেশৰ কাৰণে নৰিয়া দেহাৰে 

মই কৰিছিলো মোগলৰ সতে  মহাৰণ


…………………


বঙহৰ শোণিতৰে লুইত  ৰাঙলী কৰি 

ৰাখিছিলো জননীক মই নিৰাপদ


………………….


সেই জাতি সেই দেশ হৈছে সমূলে শেষ

চুকে কোণে আজি দেখোঁ বদনৰ দল


…………………………..


সেই জাতি সেই দেশ হৈছে সমূলে শেষ

চুকে কোণে আজি দেখোঁ বদনৰ দল


………………


মই লাচিতে কৈছো

মোৰ  সঘনাই নাম লোৱা 

মোৰ  সঘনাই নাম লোৱা

লুইতপৰীয়া ডেকা দল

কোনে কাঢ়ি নিলে বাৰু

স্বদেশ প্ৰেমৰ গীত ধৈৰ্য্য সাহস আৰু দুবাহুৰ বল

কোনে কাঢ়ি নিলে বাৰু

স্বদেশ প্ৰেমৰ গীত ধৈৰ্য্য সাহস আৰু দুবাহুৰ বল

মই লাচিতে কৈছো

মোৰ  সঘনাই নাম লোৱা 

মোৰ  সঘনাই নাম লোৱা

লুইতপৰীয়া ডেকা দল

মই লাচিতে কৈছো

মোৰ  সঘনাই নাম লোৱা 

মোৰ  সঘনাই নাম লোৱা

লুইতপৰীয়া ডেকা দল




(ইউনিক'ডীয় ৰূপান্তৰ  গগন কলিতা)

2 comments:

Dhrubajyoti Phukan said...

পলৰীয়াৰ নহয় , বদনৰ

আকাংক্ষা (Akansya) said...

আঙুলীয়াই দিয়া বাবে ধন্যবাদ, শুদ্ধ কৰি দিয়া হৈছে।