অনুসন্ধান আকাংক্ষাত

Monday, September 3, 2012

ছাগৰ ছাল চেলাবৰ ডবুৱা কটাৰী




ছাগৰ ছাল চেলাবৰ ডবুৱা কটাৰী

পহুৰ ছাল চেলাবৰ মিট

দেশৰ বুঢ়া মেথা দায়ে নধৰিবা

গা‍ই যাও আজিৰে গীত



লুইতত ভুটুঙাই ওলাল শিহু

আজি বোলে ৰঙালী বিহু বিহু

ধেমালী চাই যা, ধেমালী চা



যেন লেতেকুৰে থোক

দলদোপ দলদোপ হেন্দোলদোপ

সমাজৰ পথাৰত কোন খেলুৱৈয়ে

কাক সাঁজিছে ঢোপ

গাঁৱৰে এইগাল লোক

হল মিছলীয়াৰ ঢোপ

ধেমালী চাই যা, ধেমালী চা





অতিকৈ চেনেহৰ মুগাৰে মহুৰা

অতিকৈ চেনেহৰ মাকো

সমাজৰ গামোছাত ন ফুল বাছি দিও ঐ

লুইতত সাঁজি দিও সাঁকো



এহিমানৰ কথাখিনি এহিমানে থও

হালোৱা হজুৱাৰ কথাখিনি কও



ইফালেদি লথিয়াই তোক নাজিতৰা

সিফালেদি লথিয়াই তোক

ৰঙালী বিহুটিক কঙালী কৰিলে

পেটৰহে নুগুছে ভোক

দুদিন বিহু কৰি এবছৰ কান্দিবি

গিলিবি দুখৰে ধোক

গাৱৰে এইগাল লোক

হল মহাজনৰ ঢোপ

ধেমালী চাই যা, ধেমালী চা





দেউতাৰ পদুলীত গোন্ধাইছে মাধুৰী

কেতেকী ফুলিবৰ হল ঐ গোবিন্দাই ৰাম

মৌজাদাৰ দেউতাৰ পদুলি সাঁৰোতে

ককাঁল মোৰ ভাগিয়ে গল ঐ গোবিন্দাই ৰাম





কথা :

পিছে কাঁচিখনত আজি বৰ চোক

গাৱৰ দাৱনীয়ে বাছি বাছি ৰাখিছিল

বৰাধানৰ দুটামান থোক

তাতে পৰে পিয়দা পোক





শুদা শুদা মাকোটি খট খট চলে

বোৱনীয়ে হেপাহেৰে চানেকী ললে

লা কলা বজাৰত সূতাৰ দাম দেখি

দুখুনীয়ে পাইছে শোক





ৰাইজৰ এইগাল লোক

হল কাৰোবাৰ ঢোপ

ধেমালী চাই যা ধেমালী চা





যেন লেতেকুৰে থোক

যেন লেতেকুৰে থোক

দলদোপ দলদোপ হেন্দোলদোপ

ধেমালী চাই যা ধেমালী চা


দুজন এজনে কলঘৰ সাজিছে

থানে থানে কাপোৰ ওলায়

উৰনীয়া জাহাজত চিলিক আহিছে

আমাৰ বিহুৰ কাপোৰ নাই



বিহুৰ কাপোৰ নাই বুলি বন্গীত নেগাবি

সঁচা সঁচা কথাবোৰ কৈ

ধুতি পিন্ধা চেহাবে এনুৱা গীত গালে

পিঙতহে তুলিবগৈ





সঁচা কোৱা বৰ বেয়া ৰোগ

দঢ়াই নকৈছিলো তোক ?

ধেমালি চাই যা ধেমালী চা





কোনোবা সমূদ্ৰত বোমা ফুটুৱালে

কৰবাত পৰিলে ছাই

এগণ্ডা বোমাৰে পৃথিবী পুৰিব

কৰবাৰ ৰণ বলিয়াই

উদযান বোমাৰে গুণগাণ ঐ বখানি

নকবি এনেকৈ মোক

বোলো ৰণ হলে খাম কি

ৰণ হলে গাম কি

মৰিব দেশৰহে লোক

যেন লেতেকুৰে থোক

দলদোপ দলদোপ হেন্দোলদোপ

ধেমালি চাই যা ধেমালী চা





শান্তিৰে নিজৰা নিজৰি নবলে

আমি হম বৰশীৰ টোপ

অতিকৈনো চেনেহৰ বহাগৰে বিহুটিও

ঢোলটিও যে পাবগৈ লোপ





কাঢ়ি নিয়া মাটিখিনি, হাতৰ খাৰু মণি

ৰাইজে পালেহে গুচিব পিয়াহ ভোক

বিহুতলী যেতিয়া ৰজনজনাব

নাচিব দেশৰ হে লোক

বোলো দেখিবি ন ন ৰূপ





বোৱতী সূতিটিক অ আইতা

ভেটিব যে নোৱাৰি অ আইতা

ভেটা ভাঙে ঘনে ঘনে

বিদ্ৰোহী ৰাইজক অ আইতা

কঢ়িয়াই লৈ যোৱা অ আইতা

সময়ক ভেটিব কোনে ?





(ইউনিক'ডীয় ৰূপান্তৰ -দীপা  ডেকা)

No comments: