তুলসীৰ তলে তলে
কত চাকি জ্বলালোঁ
কত নামঘৰে ঘৰে
শৰাই আগবঢ়ালোঁ
তথাপিতো নেপালোঁ পাৰ
মোৰ গোসাঁই ঐ
তথাপিতো নেপালোঁ পাৰ ।
-
সংসাৰ সাগৰে বুৰি
খালোঁ আমি হাবাথুৰি
মানৱী জনমটো অসাৰ
মোৰ গোসাঁই ঐ
মানৱী জনমটো অসাৰ
-
সৰু সৰু মানুহ আমি
ধৰাত জনম লভিলোঁ
সৎ পথে ঘূৰি-ফুৰি
আজীৱন আগুৱালোঁ
বহুত সুখ কৰি পৰিহাৰ
মোৰ গোসাঁই ঐ
তথাপিতো নেপালোঁ পাৰ ।
পতিগৃহ সেৱি সেৱি
কতকাল চলিলোঁ
এন্ধাৰ ঘৰৰ চোতালতে
শলিতা মই জ্বলালোঁ
চকুপানী পালোঁ উপহাৰ
মোৰ গোসাঁই ঐ
কোনোৱে যে নেপালোঁ পাৰ
মানৱী জনম দিলা
তাকে গ্ৰহণ কৰিলোঁ
নীতি শাস্ত্ৰ দিলা
নতশিৰে মানিলোঁ
তথাপি সুখ নাই যে আমাৰ
মোৰ গোসাঁই ঐ
কিনো কি কৰিলা বিচাৰ
পাপীৰ কিয় জয়জয়কাৰ
মোৰ গোসাঁই ঐ
কিনো কি কৰিলা বিচাৰ - > ২
(ইউনিক'ডীয় ৰূপান্তৰ - স্যামন্ত কুমাৰ গোস্বামী)
No comments:
Post a Comment