অনুসন্ধান আকাংক্ষাত

Friday, September 7, 2012

নতুন নতুন সাহ আহিল নতুন সাহ





নতুন নতুন সাহ

আহিল নতুন সাহ

আমাৰ বহল বুকুতে

বগলীৰে বগা পাখি জিলিকে আকাশতে

জা-জাবৰ চিকুনাওঁ আমাৰ আপোন হাতে



মৰা সুঁতিৰ ঢল আনো শুকান শুকান মাটিতে

সমাজৰে পিতনিতে মাটি ঢালোঁ ৰঙতে

পঢ়াশুনাৰ চাকিটিক জ্বলালোঁ উলাহতে

সেউজীয়া সপোন আকোঁ জিলমিলি জেউতিতে



হেজাৰ যুগৰ এন্ধাৰকে আঁতৰাম নিজ হাতে

একতাৰে আগবাঢ়োঁ জেউতিৰে বাটে বাটে

সূৰুযৰে ধেমালিৰ ৰাঙলী চোতালতে

পুৰণিৰ গাত নাচে নতুনে উলাহতে




(ইউনিক'ডীয় ৰূপান্তৰ  মালিনী গোস্বামী)

No comments: