বিমূৰ্ত্ত মোৰ নিশাটি যেন
মৌনতাৰ সূতাৰে বোৱা
এখনি নীলা চাদৰ..
এখনি নীলা চাদৰ..
তাৰেই এটি মিঠা ভাঁজত
নিশ্বাসৰে উম
আৰু জিয়া জিয়া আদৰ !
এখনি নীলা চাদৰ
কামনাৰে তেজ ৰঙা !
আজিৰ গভীৰ গৰ্ভতে !
কামনাৰে তেজ ৰঙা !
আজিৰ গভীৰ গৰ্ভতে !
নীৰৱ মৰম বাৰিষাৰ
বহুতো শাওন ভাদৰ..
তাৰেই এটি মিঠা ভাজত
নিশ্বাসৰে উম
আৰু জিয়া জিয়া আদৰ !
এখনি নীলা চাদৰ
বিমূৰ্ত মোৰ নিশাটি যেন
মৌনতাৰ সূতাৰে বোৱা
এখনি নীলা চাদৰ
সৰি পৰে প্ৰত্যাশিত
অস্ফুট এক প্ৰতিধ্বনি
সাদৰী মাতৰ
তাইৰ সাদৰী মাতৰ
সৰি পৰে প্ৰত্যাশিত
অস্ফুট এক প্ৰতিধ্বনি
সাদৰী মাতৰ
তাইৰ সাদৰী মাতৰ
পৰিধিবিহীন সংগমমুখী
নিৰ্মল দুটি ওঁঠ
কম্পন কাতৰ
কম্পন কাতৰ
নিয়ম ভঙাৰ !
নিয়ম ই যে
নিয়ম ভঙাৰ
নিয়ম ই যে
নিয়মাকাংক্ষী বাটৰ
নিয়মাকান্তি বাটৰ
কোমল আঘাত
প্ৰতি আঘাত
কোমল আঘাত
প্ৰতি আঘাত
নীলা নিশাৰ নাটৰ...
নীলা নিশাৰ নাটৰ...
দূৰৰ আৰ্তনাদৰ নদীত !
ক্ৰন্দন কোনো ঘাটৰ
দুৰৰ আৰ্তনাদৰ নদীত !
ক্ৰন্দন কোনো ঘাটৰ
দুৰৰ আৰ্তনাদৰ নদীত !
ক্ৰন্দন কোনো ঘাটৰ
ভ্ৰুক্ষেপ নাই
লভিছোঁ মই
আলিংগনৰ সাগৰ !
আলিংগনৰ সাগৰ !
তাৰেই এটি
মিঠা ভাঁজত
নিশ্বাসৰে উম
আৰু জীয়া জীয়া আদৰ..!
বিমূৰ্ত মোৰ নিশাটি যেন
মৌনতাৰ সূতাৰে বোৱা
এখনি নীলা চাদৰ ৷৷
(ইউনিক'ডীয় ৰূপান্তৰ → মৌচুমী ভূঞা চৌধুৰী)
No comments:
Post a Comment