অনুসন্ধান আকাংক্ষাত

Sunday, September 2, 2012

কাকডোঙাৰ বৰালি আহে নো ডাঢ়ি ডাঙি (বিহু গীত)




(বিহু গীত)

কাকডোঙাৰ বৰালি

আহে নো ডাঢ়ি ডাঙি,

আহে নো ডাঢ়ি ডাঙি

ৰূপালী কান্ধুলিকে দেখি |

হে উতনুৱা বিহুৱাই

আহে নো খেদা মাৰি

আহে নো খেদা মাৰি

তোৰ দৰে নাচনী

দেখি আইকণ বিজুলী

ভাবি গুনি পেলাবি,

ধৰি আইকণ বিজুলী

জাগি জাগি বিচনাত

জাগি জাগি বিচনাত শুবি |  (...ভূ:হা:, পু:স:)



মাহৰে মাৰে দেখি

মৰে তিল বেতেমেলি

মৰে তিল বেতেমেলি

শহাবোৰে হাতীকে দেখি,

কেতুৰী যে মৰিছে

মোকেনো খাই চা বুলি

মোকেনো খাই চা বুলি

উঠিছে গা আদাকে

দেখি মোৰে চেনাইটি

বাটে ঘাটে শতৰু

এ চাবি মোৰে চেনাইটি

ছলে বলে ফুৰিবি

ছলে বলে ফুৰিবি বাচি |    (...নাৰী)



আকাশলে চালেই চোন

খহি পৰে পাগুৰি,

খহি পৰে পাগুৰি

জোনলৈ হাতে দিলো মেলি,

আইয়ে বাঢ়ি দিয়া ভাত

আহিলোঁ বঢ়াত এৰি,

আহিলোঁ বঢ়াত এৰি

তোকে লগ নাপামে

বুলি আইকণ বিজুলী

খুঁচি খুঁচি কলিজাত

ধৰে আইকণ বিজুলী

ঘনে ঘনে মনতে

ঘনে ঘনে মনতে পৰে |    (...ভূ:হা:, পু:স:)



ঐ এবেলি হে এইবেলি

তে লাগিল বিজুতি

তে লাগিল বিজুতি

উঘাতকৈও চেৰেকি ঘূৰে |

নলয় একো বুজনি

মনতে বেমেজালি

মনতে বেমেজালি

পৰিলে কি পীৰিতিৰ

জ্বৰে মোৰে চেনাইটি

তোৰে ছবি দুচকুত

এ ভাঁহে মোৰে চেনাইটি

দিনে নিশাই আমনি

দিনে নিশাই আমনি কৰে |   (...নাৰী)



কাকডোঙাৰ বৰালি

আহে নো ডাঢ়ি ডাঙি,

আহে নো ডাঢ়ি ডাঙি

ৰূপালী কান্ধুলিকে দেখি |

উতনুৱা বিহুৱাই

আহে নো খেদা মাৰি

আহে নো খেদা মাৰি

তোৰে দৰে নাচনী

দেখি আইকণ বিজুলী

ভাবি গুনি পেলাবি,

ভৰি আইকণ বিজুলী

জাগি জাগি বিচনাত

জাগি জাগি বিচনাত শুবি |  (...পু:স:)



দেখি আইকণ বিজুলী

ভাবি গুনি পেলাবি,

ভৰি আইকণ বিজুলী

জাগি জাগি বিচনাত

জাগি জাগি বিচনাত শুবি ||  ( ২ বাৰ, পু: স:)




(ইউনিকডীয় ৰূপান্তৰ-প্ৰাঞ্জল বড়া)

No comments: