অনুসন্ধান আকাংক্ষাত

Friday, September 7, 2012

ডুগডুগডুগডুগ ডম্বৰু মেঘে বজাই ডম্বৰু




এ বিজুলী নাচে চিকমিক চিকমিক

এ ডম্বৰু বাজিলে ডুগডুগডুগডুগডুগ



ডুগডুগডুগডুগ ডম্বৰু 

মেঘে বজাই ডম্বৰু

চিকমিক বিজুলী নাচে

চিকমিক বিজুলী

সৰু সৰু গাঁৱৰে সৰুকণহঁতৰে 

সৰু সৰু ঘৰবোৰ কঁপে

চিকমিক বিজুলী

সৰু সৰু পুখুৰীত সৰু পুঠিমাছবোৰে

বিজুলীক গিলিবহে খোজে

চিকমিক বিজুলী



সৰুদৈ আইদেউৰ কি হ

কি হ

সৰুকণত বহিবৰ মন গ

লেথা হ

সমাজেও অনুমতি নিদিলে

দুয়োৰে জাত-পাত নিমিলে

সৰুদৈ সৰুকণে বিজুলীৰ পোহৰত

সৰু সৰু সমাজক এৰে

চিকমিক বিজুলী



বনজুয়ে হোম দিলে

বিজুলীয়ে ৰভা দিলে

ঝিলিয়ে বিয়া নাম গায়

ধুমুহাই গগণা বায়

সাহসৰে বাতৰি বিলায়

সৰু সৰু সমাজৰে সৰু সৰু বিচাৰতে

ভেকুলীয়ে বৰ লাজ পায়

চিকমিক বিজুলী




(ইউনিক'ডীয় ৰূপান্তৰ - মিতালী বর্মন)

No comments: