জীৱন নদীৰ দুয়োপাৰৰ মহিমা অপাৰ হে
হাঁহি আৰু কান্দোনৰে হল হাঁহাকাৰ
আশাৰ মিঠা ফুল হয় জীয়নৰে ভুল
সপোন কাজল সানি কোনে হেৰুৱালি মূল
মূল হেৰুৱাই জীয়ন ৰণত মানিলিযে হাৰ
হাঁহি আৰু কান্দোনৰে হল হাঁহাকাৰ
নাট ধেমেলীয়া আৰু হাঁহি পেলনীয়া
স্মৄতি যুগমীয়া আৰু ছবি মোহনীয়া
মোহনীয়া ছবি হয় এদিন ছাৰখাৰ
হাঁহি আৰু কান্দোনৰে হল হাঁহাকাৰ
পাহৰিযা অতীতৰে মায়াৰ মিছা খেলা
হুমুনিয়াহ অগনিৰে বেজাৰ ভৰা মেলা
জয় পৰাজয় ভৰা নদীৰ নাই পাৰাপাৰ
হাঁহি আৰু কান্দোনৰে হল হাঁহাকাৰ
(ইউনিক'ডীয় ৰূপান্তৰ - অৰুন্ধতী তালুকদাৰ)
No comments:
Post a Comment