অনুসন্ধান আকাংক্ষাত

Sunday, September 9, 2012

বিহুৰেনো বিৰিণা অ’ আইতা





বিহুৰেনো বিৰিণা

অ’ আইতা

নাচনীৰ কলাফুল লৰে

বিহুৰেনো বিৰিণা

অ’ আইতা

কেৰু মণি থুৰিয়া       

তাতে সমনীয়া

অ’ আইতা তুমি আমাৰ যুৰিয়া

বহাগতে পাতি যাও বিয়া

অ’ আইতা

কেৰু মণি গেজেৰা

নেমাৰিবা কেতেৰা               

চাইয়েনো চাই থাকিবৰ মনে অ’

অ’ আইতা            

চাইয়েনো চাই থাকিবৰ মন

শলগুৰিৰ বাগিচাত

অননি অ’ বননি

তাতেনো নবহিলে মন 

...

সুমলাৰ তাতৰ শাল

সোনাপুৰ ঐ নগৰখন

সোনাপুৰ ঐ নগৰখন

তাতেহে তাতেহে তাতেহে      

মোৰ বহি গল মনে

আইতা নিমাতী ঐ

কেলেই দিছা

কেলেই দিছা

কেলেই দিছা

যৌৱনত ভৰি ?

.....

বা- বাগিছাৰ চা- চাকৰি

নে- নেলাগে লা-  লাহৰী

নেলাগে পলকৰ ধন

....

ত-তয়ে ধানে দাবি

ম-ম‍ইয়ে হালে বামে      

ম-ম‍ইয়ে হালে বামে

সে- সেযে হব জী-জীৱনৰ ধন

......

অ’ আইকন তোৰঘৰ সিপাৰত

অ’ আইকন মোৰ ঘৰ ইপাৰত

আকৌ আইকন দেহি ঐ

তুমি যাবা ঘাটলৈ

ম‍ই থাকিম বাটলৈ চাই

.......

এনেনো ভাল লাগে আইতা

এনেনো ভাল লাগে

মূখলৈনো কিনো চাবা

পূৰ্ণিমাৰে জোনে

এনেনো ভাল লাগে আইতা

এনেনো ভাল লাগে

চকুলৈনো কিনো চাবা          

সৰগৰে তৰা

অ’ এনেনো ভাল লাগে আইতা

এনেনো ভাল লাগে

নাকলৈনো কিনো চাবা

তিলে ফুলে নাকে

এনেনো ভাল লাগে আইতা

এনেনো ভাল লাগে

অ দাঁতলৈনো কিনো চাবা

ডালিমৰে গুটি

এনেনো ভাল লাগে আইতা

এনেনো ভাল লাগে




(ইউনিক'ডীয় ৰূপান্তৰ  → দীপা ডেকা)

No comments: