অনুসন্ধান আকাংক্ষাত

Saturday, September 8, 2012

পক্ষীৰাজ ঘোঁৰা খট খটকৈ দৌৰা





ভূপেন হাজৰিকা, কিশোৰ কুমাৰ আৰু আশা ভোশলেৰ কণ্ঠ  :

পক্ষীৰাজ ঘোৰা

খট খটকৈ দৌৰা



পক্ষীৰাজ ঘোৰা

খট খটকৈ দৌৰা



মোৰ কপাল ফুটা

পাখী দুখনো কটা



মোৰ কপাল ফুটা

পাখী দুখনো কটা



উৰিফুৰিবৰ না‍ই ম‍ন

কাৰণ ধৰাতে জনগন



পক্ষীৰাজ ঘোৰা

খট খটকৈ দৌৰা



অনিৰুদ্ধ নহও

ৰোমিঅ লখিন্দৰ

নহও মজনু কিম্বা জুলিয়াছ ছিজৰ



অনিৰুদ্ধ নহও

ৰোমিঅ লখিন্দৰ

নহও মজনু কিম্বা জুলিয়াছ ছিজৰ



কুম্ভকৰ্ণৰে দৰে নিদ্ৰা যোৱা

ৰাইজক জগাই তোলো

দৱৰ সমাজত মানুহ বিচাৰি

বজাৰত থিতাপি ললো

ম‍ই মানুহকে ভাল পোৱা

ৰূপৰে কুমাৰ

ম‍ই মানুহকে ভাল পোৱা

ৰূপৰে কুমাৰ



পক্ষীৰাজ ঘোৰা

খট খটকৈ দৌৰা



অগতিৰ গতি ম‍ই

দুস্কৃতি নাশো ম‍ই



স্বৰ্গ এৰা এক ৰূপ কুমাৰী

আহিছো মৰতলৈ

প্ৰেম বিচাৰি



স্বৰ্গ এৰা এক ৰূপ কুমাৰী

আহিছো মৰতলৈ

প্ৰেম বিচাৰি

স্বৰ্গত ইন্দ্ৰ‍ই ঠগিলে কিমান      

বৰুণেও মিছাকৈ কান্দিলে ইমান

স্বৰ্গত ইন্দ্ৰ‍ই ঠগিলে কিমান

বৰুণেও মিছাকৈ কান্দিলে ইমান

স্বৰ্গ এৰা এক ৰূপ কুমাৰী

আহিছো বজাৰলৈ

প্ৰেম বিচাৰি
                    

.....


ম‍ই এন্ধাৰৰ ৰজা

ইয়েছ ইয়েছ

এন্ধাৰ লাগে মজা

যা যা ৰজা

খা গজা পাবি মজা

ম‍ই গতিক কৰিদিও নষ্ট    

ভাল মন ভাল কাম দেখি পাও কষ্ট

সুন্দৰ কোৱৰ আৰু ৰূপৰ কুৱৰীৰ

মিলন নহয় মোৰ পছন্দ

দুয়োটাকে কাটি কুটি

কৰিম দিম লণ্ড ভণ্ড



খবৰ খবৰ খবৰ্দাৰ



ক’লা ক’লা বজাৰতো

এন্ধাৰ দিও অনবৰত

এন্ধাৰ যোগান ধৰি যাও

তাৰবাবে কিছু কমিচন পাও

আহ দে যুদ্ধ



খবৰ খব্ৰদাৰ

হুছিয়াৰ


.....


জ্যোতিৰে লগতে

এন্ধাৰে যুজিলে

জ্যোতিৰে লগতে

এন্ধাৰে যুজিলে

এন্ধাৰে যায় যে ভাগৰি

মানুহো নমনা

এন্ধাৰ নৃপতি

যায় চুচৰি বাগৰি



ৰূপৰ কুমাৰ হলো শিৱ জটাধাৰী

ৰূপৰ কুমাৰ হলো শিৱ জটাধাৰী



পক্ষীৰাজ ঘোৰা

খট খটকৈ দৌৰা

পক্ষীৰাজ ঘোৰা

খট খটকৈ দৌৰা



সমাজত এন্ধাৰে

থাকেহি যেতিয়া

তেতিয়া কি হয়

তেতিয়া কি হয়

যুগে যুগে বিজুলী আনিব

তেতিয়া কি হয়

তেতিয়া কি হয়



তেতিয়া ভাল হয়

তেতিয়া ভাল হয়



স্বৰ্গ এৰা দুটি মিঠা মন

দুটি মনে একে মনে

সেৱে জনগন

স্বৰ্গ এৰা দুটি মিঠা মন

দুটি মনে একে মনে

সেৱে জনগন



দেবলোকত মেনকাই ৰম্ভাক ঠগে

উৰ্বশীও ধৰা দিম বুলি কৈ ভাগে



ম‍ই পিছে নঠগো সুন্দৰ কুমাৰ

যুগে যুগে লগৰী হমেই তোমাৰ



হে অনিৰুদ্ধ নহও

ৰোমিঅ লখিন্দৰ

নহও মজনু কিম্বা জুলিয়াছ ছিজৰ




(ইউনিক'ডীয় ৰূপান্তৰ  → দীপা  ডেকা)

No comments: