কৰ্মই আমাৰ ধৰ্ম
কৰ্মই আমাৰ ধৰ্ম
আমি জীৱন যুঁজত জিকিব লাগিব
পিন্ধি সাহসৰ বৰ্ম
স্বাৰ্থপৰৰ লোলুপ আশা
আমিয়ে কৰিম খৰ্ব
মহা মানৱৰ বাণী শিৰে লৈ
নাশিম ভুৱা গৰ্ব
সুফলা মাটিৰ সৃষ্টিৰ সুৰ
গাৱেই দেশৰ গৰ্ব
পীড়িত জনক আকোৱালি লৈ
গাঁওতে পাতিম স্বৰ্গ
দ্বাপৰত ক’লে শ্ৰীকৃষ্ণই
নেপালাবা নিজ কৰ্ম
কুৰি শতিকাৰ বাপুজীয়ে কয়
কৰ্মই সাৰমৰ্ম
আমি নতুন যুগৰ নতুন মানৱ
আহিল নতুন পৰ্ব
অৱহেলিত জনতাৰ বাবে
ধৰাত পাতিম স্বৰ্গ
(ইউনিক’ডীয় ৰূপান্তৰ-মালিনী গোস্বামী)
No comments:
Post a Comment