অনুসন্ধান আকাংক্ষাত

Tuesday, September 4, 2012

জীৱন ঘড়ীৰ প্ৰতিটো প’ল




জীৱন ঘড়ীৰ প্ৰতিটো প’ল


যেন গলি গলি গ’ল

নিঃঙ্গতাৰ পৰুৱা এটি


মাথো তাতে পৰি ৰ’ল



তেজত আজি ৰক্ত কণিকা

কিয় জানো কমি গ’ল !


দংশনৰত বিজাণুৰ দ্ল

মোৰযে লগৰী হ’ল


বিলম্বিত ল’য়, শুন্যতা ভৰা সুৰ

সোঁৱৰণী সমলয়  হাহাকাৰেৰে পুৰ |


দিনবোৰ যেন সাগৰৰ পাৰৰ

অঘৰী চৰাই হ’ল

অন্ধকাৰৰ দিগ্‌বলয়ত

পোহৰ হেৰাই গ’ল




(ইউনিক'ডীয় ৰূপান্তৰ - বনজীত্‍ পাঠক )       

No comments: