সোণৰ সজাত পখীয়ে কান্দিলে
সেউজী বনৰ বেজাৰতে
লুইতৰ বেজাৰত
পৰ্ব্বতৰ পানীয়ে
ভৈয়ামলে’ বোৱা নিজৰাতে ৷
পুৱাৰ চকুপানী
দুবৰিত জিলিকে
নিশা বিদায়ৰ পৰতে ৷
লুইতীয়ে কান্দে
সাগৰ ধিয়াই
জোনৰে জোনাকত
লুইতৰে বালিচৰতে ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment