সেউজী সেউজী সেউজী অ’
সেউজী ধৰণী ধুনীয়া !
সোণোৱালী শইচৰ
পথাৰ কোলাত শোভে
ৰ’দালিৰে
ফুল-ফল
সেন্দুৰীয়া ৷
আমাৰ চকুলোৰে
পানী দি জীয়ালোঁ
মাণিকী-মধুৰি ধান,
তোমালৈ আনিছো
জগতৰে শইচ
এৰা নিমাতী মান ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment