হিমালয়ে গান গোৱা তই
শুনিছনে নাই
শ বছৰৰ পিছে পিছে
এই ভাৰতৰ
কেন্দ্ৰ প্ৰাণৰ
দিয়ে শিয়ঁৰাই
দেশ
বিদেশত সুৰৰ লহৰ দিয়ে বিয়পায় ৷
অভ্ৰভেদী অনন্তলে’
স্থিৰ নয়নে চাই
ব্যোম বিহাৰী
ন বাতৰি
যিটি শুনি পাই
সেই গ্ৰহান্তৰৰ মন্ত্ৰৰে গাই
নবীন
যুগৰ গান
জগাই ভাৰত প্ৰাণ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment