মোক যদি নিচিনিলি
তোৰ বাটে যাওঁতেই
মোৰ যদি নুশুনিলি গান
নুবুজিলি যদি তই
প্ৰাণৰে বতৰা ঐ
বীণলৈ নাপাতিলি কাণ
মুখৰিত কৰি যাম আকাশ বিমান
লিখি যাম গানে গানে
মোৰ বেজাৰৰ অভিমান ৷
মই গুচি গলাগৈ বহু দূৰলৈ
হয়তো উভতি আৰু নাহিবলৈ
যদি মোৰ সুৰ লাগি
তোৰ মন উঠে সাৰ পাই
পদূলিত আহি কান্দ
গুচি যোৱা আলহীক বিচাৰি নাপাই
মোৰ গান গাই যাবি
মানুহৰ ঘৰে ঘৰে
চকুপানীৰে শত মুকুতাৰ দীপালী জ্বলাই ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; ১৪/০৯/১৯৪৯)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment