মোৰ
গানেৰে যাচিলোঁ তোক
মোৰ, মৰমৰে চুমা ৷
মোৰ
সপোনৰ ফুলনিৰ সৰা শেৱালি অ’
গন্ধে বৰণে অনুপমা ৷
জোনৰ
ৰূপালী হাঁহি আকাশে আকাশে
তই ফুলি মৰতত
মোৰ জীৱনৰ আশে আশে
সন্ধিয়াৰ
সূৰুযৰে সখি পাতি গুচি গলি
পোহৰৰ
আলিয়ে আলিয়ে
মই ফুৰোঁ পৃথিৱীৰ বালিয়ে বালিয়ে
কৰুণাৰ গান ৰচি
গাওঁ,
তোৰ সুৰভিতে.... মতলীয়া
পৃথিৱীৰ
বাটে বাটে
আগবাঢ়ি
যাওঁ ....
সকলো
বৰ্ণ জিনি
জ্বল জীৱনৰ জ্যোতিমণি
তই নিৰূপমা
গানেৰে যাচিলোঁ চুমা
গানেৰে যাচিলোঁ চুমা
মোৰ... মৰমেৰে চুমা ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment