লুইতৰ পাৰৰে অগ্নিসুৰ
তোকে লিখি গলোঁ তেজেৰে মোৰ
লুইতৰ
পাৰৰে অগ্নিসুৰ !
তোকে ৰচি দিলোঁ
ব্যথা বেদনাৰে
কৰি দিলোঁ তোক
মোৰে হৃদয়ৰে
অগ্নিশিখাৰে পূৰ
লুইতৰ পাৰৰে অগ্নিসুৰ !
বিয়পাবি তই
লুইতৰ দুপাৰে
উজলাবি তই সাগৰৰ সিপাৰে
ভাৰতৰো ঘৰে ঘৰে
চিনাকি হবিগৈ ভাবী পৃথিৱীৰ
নতুন প্ৰাণৰ
নতুন প্ৰাণৰ ৷
সিঁচি সিঁচি তই
জ্যোতিৰ ফিৰিঙতি
যাবি দূৰণিৰো দূৰ
লুইতৰ পাৰৰে অগ্নিসুৰ !!
[ কন্দৰ্পকুমাৰ বৰবৰুৱাদেৱৰ সৌজন্যত ]
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment