শিল্পী অ’ মোৰ, কবি
অ’ মোৰ
কবি অ’ মোৰ জাগ
অ’ জনৰঞ্জন
তোৰ চকুত জ্বলে বিশ্বপূজাৰ
অৰুণ ৰঙা অঞ্জন ৷
তই মুখৰিত কৰি
জনজীৱনৰ অঙ্গন
জাগৃতি ছন্দৰে নাচ
প্ৰাণত তোল স্পন্দন ৷
পিন্ধিছ গানৰ
পিন্ধিছ সুৰৰ
নিত্যনতুন কাঞ্চন
জাগ অ’ জনৰঞ্জন
৷
সুচিত্ৰ বিচিত্ৰকৈ
আঁকি আলিঙ্গন
সুৰঞ্জনৰ অঞ্জলিৰে
পূৰ্ণ কৰি জনপ্ৰঙ্গণ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment