সপোনে আহি দিঠকত
নোকোৱা কথা কয়
সেইহে মোৰ দিঠক গানৰ
সুৰ যে সপোনময় ৷
দিঠকলৈ সপোন নামি
পৃথিৱী কৰে জয়
অৰূপৰ যত সপোনবোৰে
যুগৰ পিছত যুগে যুগে
চিৰ সুন্দৰৰ আকাশী সপোনে
মাটিৰে পানীৰে ধুনীয়া মূৰুতি হয়,
সেইহে পৃথিৱী ইমান শুৱনী,
ইমান লাৱনী,
ইমান মনোময় ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment