মোৰ আজি সন্ধিয়াৰ
গানৰ কথা
প্ৰাণেৰে মনেৰে সুৰেৰে গঁথা,
গোপনৰ বাণী.......
মৰমেৰে সানি
গানতে
মিলাই গালে
উলিয়াব
জানো তোৰ
চকুৰ
পানী ?
আকুল ই কণঠৰ গানে
কব
জানো তোৰ কাণে কাণে
মোৰ
হিয়া নিজানৰ
নুফুটা
ব্যথা ?
মোৰ
আজি সন্ধিয়াৰ
গানৰ
কথা....
প্ৰাণেৰে
মনেৰে সুৰেৰে গঁথা ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment