অনুসন্ধান আকাংক্ষাত

Monday, July 9, 2012

লুইতৰে পানী যাবি অ’ বই


লুইতৰে পানী যাবি অ’ বৈ....

সন্ধিয়া লুইতৰ পানী সোণোৱালী

          চহৰে নগৰে যাবি অ’ বৈ

জয়াৰে কীৰিতি দেশে-বিদেশে

          সাগৰে-নগৰে ফুৰিবি কৈ ৷


মাটিৰে দেহাটি এৰি জয়মতী

জ্যোতিৰে দেহাটি লৈ

যাউতিযুগীয়া কীৰিতি ৰাখিলা

          চানেকি জগতলৈ ৷


এটুপি –দুটুপি তেজে তিনি টুপি

দেশৰ হকে জয়াই গ’লে বিলাই

অসমৰ জীয়ৰী অসমৰ বোৱাৰী

          এটুপি চকুলো যোৱা পেলাই ৷৷



(***গ্ৰামোফোন ৰেকৰ্ডত ‘জীয়াৰী’ গোৱা হৈছে***)
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: