মোৰ অকোৱা পকোৱা সুৰত বিজুলি
খেলে
মোৰ নিজৰা আচেৰে ওফৰা ছন্দে
ছন্দে
শতেক বৰ্ণ জ্বলে
বিসম্বাদী শিলত আঘাতি
তানৰ পদুমে
কণিকাৰ পাহি মেলে ৷
সাগৰলৈ বৈ যোৱা মোৰ সুৰে
পৰ্ব্বতে ভৈয়ামে
আপোন পাহৰি ফুৰে
যত বাধা পাই
তাতোক’য়ে জ্বলি
সৌন্দৰ্য্য ফুলাই
শিলৰ মূৰত নাচি গুচি যায়
বন বনান্ত তোলে শিয়ঁৰাই
অগ্ৰগতিৰ জয়গান গাই
মহাসাগৰত মিলে ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment