মই, জনতাৰ প্ৰাণে প্ৰাণে
শিল্পী দেখিলোঁ
সেই গুণেহে গানৰে মাতিলোঁ ৷
জনতা মনৰ
জনতা প্ৰাণৰ
শিল্পী আজি জাগে
জোনাকী বাটৰ বাটৰুৱাৰ
আহি লগ লাগে
কলাময়ী মহাজীৱনত
আপোন প্ৰকাশ মাগে ৷
আজি জনতাৰ মহাশিল্পী
প্ৰকাশলৈ
বিকাশলৈ যায়
আকাশলৈ চায় ৷
আন্ধাৰ নিশা দেখা সপোন
বিশ্ব-পুৱাৰ পোহৰ পাই
আঁকিবলৈ লেখনী উলিয়াই
লোৱা দেখিলোঁ
সেই গুণেৰে গানেৰে মাতিলোঁ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment