যেতিয়া তই তৰাৰ সভাত
বিশ্ববীণা ঝঙ্কাৰিলি
ঝঙ্কাৰিলি গান
কিনো মহা আনন্দত
জাগিলে মোৰ প্ৰাণ
অন্তৰতম শিল্পী জাগিল
কবি জাগিল
প্ৰতিভা মনীষা জাগিল,
তই দিয়া যে দান
তোৰ গানৰেই
তই অহা যে
দিলি মোক জান ৷
কিনো মহা আনন্দত
জাগিলে মোৰ প্ৰাণ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment