সপোনত বজা বাঁহীটি শুনি তই
দিঠকত নাচিলি কিয় ?
সপোনত পোৱা ফুলাম চানেকি
দিঠকত নাবাছি ৰৱ ?
সপোনৰ পৰা দিঠক বিচাৰি
কোন দুৱাৰেদি যাৱ
সপোনত নেদেখা
দিঠকত নেদেখা
নজনা ফুলনি পাৱ
নৰচা সুৰৰ
নিলিখা গানৰ
শেষৰ শাৰীটো গাৱ
অচিনাকী বাটে যাৱ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment