কাঁইট জোঙৰ মাজতেই মোৰ
গানৰ সুৰৰ মেলা
এই ধুমুহাৰ বা-মৰালীৰ
চাকনৈয়াতেই
মোৰ যে ফুলাৰ বেলা
এই প্ৰলয়ৰ মাজে মাজেই
সৃষ্টিৰ মোৰ
পাতি ধুনীয়া মেলা
মই জ্বলাম চাকি বিশ্বমোহন
শোণিতৰাজি.... মোৰ কলিজাৰ
তিনিও ভুবন
উজ্জ্বল কৰি জ্বলা ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী, ১৭/১০/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment