আমাৰে সখিয়া আকুল বিয়াকুলে
সপোনৰ হাঁহিটি চাই,
সপোনত কোঁৱৰে আহুদি আনিলে
মতলীয়া সখী খাই !
দিঠকৰ বাতৰি সপোনত মিলিলে
আছিল সখী বাটে চাই ৷
ফাগুনৰ বতাহে গাতে ছাটি
মাৰে...
গাতে ছাটি মাৰি যায়
(হাঁহি) চুমাৰ পৰশনৰ জুতি
পাই সখীয়াৰ
গাতে উৱাদিহে নাই
সখীয়াৰে গাতে উৱাদিহে নাই ৷৷
(জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱে ৰচা গীতটি ‘শোণিত কুঁৱৰী’ নাটকত দিছে)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
1 comment:
ভাল কাম।ধন্যবাদ
Post a Comment