ইমান ছবি অকলৈয়ে তই
কেনেকে’ আঁকিলি
ইমান তৰা আকাশে আকাশে
কেনেকে’ লিখিলি ?
ইমান প্ৰাণৰ বিৰাট মেলা
কেনেকে’ পাতিলি
শেষ নোহোৱা ধেমালিলে’
মোকো মাতিলি
ৰূপে ৰূপে যাওঁ, মই জ্বলি
জ্বলি
অৰূপত তই জ্বলিছ উজলি
ৰূপ অৰূপ বিজুলি খেলা
বিনন্দীয় বিশ্বমেলা ৷৷
(জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment