ধূলিৰ বাটেৰে, যোৱা সুন্দৰৰ
পিছে
পিছে, কোন যাবি
লগে
লগে কোন যাবি ?
চকুপানীৰ
গাঁও পাবি ৷
যন্ত্ৰণা-বেদনা ব্যথাৰ
মুকুতা
ধুনীয়া ৰূপ চাবি
চকুপানীৰ
গাঁও পাবি ৷
তাত দীপ্তা আশাই
নিৰাশাৰে
যুঁজে
তাত নতুন গানৰ
আচল
অৰ্থ বুজে
তাত গাভৰুৰ খোজে খোজে
পোহৰ
পদুম ফুলে,
তাত, ফালি চিৰি
প্ৰকাশ পাবলৈ
বিকাশ লবলৈ....
গাঁৱৰ
ডেকাৰ
চকু
দুটাত
জুই
আঙনি জ্বলে ৷
সুন্দৰে তাত বাহৰ পাতি আছে
গাঁৱৰ ডেকা-ডেকেৰীয়ে
আগচোতালত
পাছ
চোতালত
নতুন
দিনৰ
নতুন
বিহু নাচে ৷
সুন্দৰে চাই আপোন মনে
হাঁহি
হাঁহি
অময়া
মৰম যাচে ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment