জীৱনত যদি জ্বলা নাই তোৰ
নবীন
অগ্নি শিখা
জনতাৰ যদি কপালত তই
এতিয়া
দেখা নাই
অৰুণৰ
সেই জ্বলন্ত হাঁহিৰে
প্ৰদিপ্ত
ভাগ্যলিখা ৷
প্ৰগতি বাটৰ বাটৰুৱা বুলি
কৈ
নুফুৰিবি তই
পোহৰে মাটিক নতুন মন্ত্ৰ
শুনোৱা
শুনিছোঁ মই ৷
হেৰ, আত্মপ্ৰবঞ্চক
হেৰ, নিজৰ মনত প্ৰতিভাত হোৱা
মহা
মহত্বৰ
তই
নিজেই নিৰ্য্যাতক ৷
তোক
মই চিনি পাওঁ
মুখা পিন্ধা তোৰ ছলাহী কথাত
আৰুতো
ভোল নাযাওঁ ৷
মই বীণ বাই জনতাক গৈ ক’ম
পদূলিত গৈ গধূলি বেলিকা ৰ’ম ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment