তিৰঙ্গা নিচান
বিজয়ী নিচান
সসাগৰা পৃথিৱীৰ ধ্ৰুবজ্যোতি তই
আলোকিছ
ভাৰত বিমান ৷
সমৰৰ শক্তি
দলিতৰ মুক্তি
ক্ষুধিতৰ ত্ৰাণ
তিৰঙ্গা
নিচান
বিজয়ী
নিচান
কোটি
কোটি কণ্ঠে
হব
তোৰ জয় গাণ
কোটি
কোটি হব বলিয়ান ৷
বিশ্ব বিমুগ্ধ
সত্যৰ যুদ্ধ
দীপ্ত
কৰিছে হিন্দুস্থান
মুক্তিকামীৰ আজি
সাম্য শান্তিৰ
ক্ৰান্তিৰ
অভিযান ৷
নমো নমো নমো
নৱ
মানৱৰ
নৱ
ভাৰত প্ৰাণ
তিৰঙ্গা
নিচান
বিজয়ী নিচান ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment