জ্ঞানৰ চকুৰে
যেয়ে পৃথিৱী চাবি
স্বৰ্গ বিচাৰি পাবি ৷
নজনাৰপৰা অহা তই কোন
এই পৃথিৱীতে
এই ফুলনিতে
তই বন-ভাত খাবি ৷
মহা শিল্পীয়ে ৰচিলে পৃথিৱী
ফুলনি....
তই যে মানুহ
আহিলি শিল্পী
পৃথিৱী ধুনীয়া কৰা
আজি জান অন্তৰে অন্তৰে
মানুহৰ
সত্তা সুন্দৰ
মানুহ কল্পী, মানুহ শিল্পী
মানুহ খনিকৰ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment