জানো
জানো সুন্দৰ
পৃথিৱীয়ে তোক চিনি নাপায়
নিজৰ
মুখনি যি
দাপোনত কোন কালে নিজে দেখা নাই.....
তাৰে
ছবি আঁকি মই তাৰে আগতে দিলে
সিনো কেনেকৈ চিনি পায় ?
মই
মোক চিনি পালে
তোকে
চিনি পাম
তোকো চিনি পালে মই
মোকে বিচাৰি আক’
তোৰ মাজলে’কে
লৰি যাম ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; ২২/০৯/১৯৪৯)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment