জানো জানো জানো বন্ধু
মোৰ,
সকলো গানৰ আলাপন
মোৰ, সকলো সুৰৰ সকলো বিলাপন
নবাভিনৱ
গুঞ্জন
কুঞ্জন
ছন্দৰ মোৰ
বিৰহ
নিশাৰ
আকুল
উদ্যাপন
সকলো
এদিন সকলো হব
তোতেই
সমাপন ৷
তোতেই
সমাপন ৷
চিৰ আন্ধাৰ আঁতৰি যোৱা
কোনোবা
অৰুণ পুৱা
ফেনে ফোটোকাৰে
উতলি
উঠিব
জিনিব
আলোক-ছাঁয়া
মোৰ
চিৰজীৱনৰ সকলো ভালপোৱা ৷
বিশ্ববিয়পা
ৰামধেনু হৈ
ফুলিব
মোৰ
জ্বলিব
মোৰ মন
মোৰ,
সকলো গন্ধৰ
অন্ধ
দৰ্শনৰ
ব্যাকুলতাই
আকুলতাই
বিচাৰি
ফুৰে
তোৰেই
পৰশন
তোৰেই
দৰশন
সকলো
এদিন, সকলো এদিন
তোতেই সমাপন
৷
জানো জানো জানো বন্ধু !
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী, ০১/১০/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment