কোনে ক’লে তোক
মোৰ জীৱনত
দুখৰ আলোক
নায়েই জ্বলা বুলি ?
কোনে ক’লে তোক
এবাৰো লেখনী
বুকুৰ তেজৰে
ছবি আঁকিবলে’
মই লোৱা নাই
তুলি ?
কোনে ক’লে তোক
মোৰ কপালত
নাই সনা বুলি
জন চৰণৰ ধূলি ?
কোনে ক’লে তোক
নৱ জীৱনৰ
গান গাওঁতে
প্ৰাণ দিয়া নাই বুলি ?
মই যে
মোকেই বিলাই দিয়া মই
মই
ধূলি হৈ উৰি গলেও
সেই ধূলিয়েই
পৃথিৱীক কৰে জয় ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment