তোৰ গান গোৱাৰেই, আনন্দতে গাওঁ
তোৰ সুৰ ৰচনাৰ আনন্দতেই
প্ৰাণৰ
শান্তি পাওঁ
নিমন্ত্ৰণত
তোৰ...
ঝঙ্কৃত
ছন্দৰে মই
অলঙ্কৃত
হৈ
তয়ে
পতা সভালৈকে যাওঁ ৷
বাটে বাটে
ঘাটে ঘাটে
তোৰ
বাতৰি পাওঁ
সেই
বাতৰিৰ সুৰ লহৰী
বীণত ধৰি
দিওঁ
জোঁকাৰি
সেই
জোঁকাৰে কঁপাই হিয়া বিশ্বজনতাৰ
জগাই
জগাই
কোমল
হাহাকাৰ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment