Assamese
Song: Ek Doi
Tini Chari
Film: Koka Deuta Nati Aru Hati
Singer: Kokila Goswami and Mrinalini Dutta
Music
Director: Ramen Baruah
Year: 1982
১ম ল’ৰা: এক দুই তিনি চাৰি
যুতি দিলো গৰু গাড়ী
অ’ দেখিছা নে হাতীয়ে চলায়
দেখিছা নে হাতীয়ে চলায়
হাতীয়ে চলায়
সকলোৱে: এক দুই তিনি চাৰি
যুতি দিলো গৰু গাড়ী
অ’ দেখিছা নে হাতীয়ে চলায়
দেখিছা নে হাতীয়ে চলায়
১ম ল’ৰা: হাতীয়ে চলায়
২য় ল’ৰা: হাতীয়ে চলায়
১ম ল’ৰা: অ’ গাৰোৱান নাই..
তাতে কি হ’ল অ’ ...
সকলোৱে: অ’ গাৰোৱান নাই..
তাতে কি হ’ল অ’...
আছে ম’নটি হুচিয়াৰ
বজ্ৰ গতিত গাড়ী চলি যায়
বজ্ৰ গতিত গাড়ী চলি যায়
গাড়ী চলি যায়
১ম ল’ৰা: গাড়ী চলি যায়
সকলোৱে: ইখন দোলা এৰি আমি
সিখন দোলা পাওঁ
চাউল-দালীত শিল মিলোৱা
দেখি আমি জুমি
জুমি কঠালগুৰি পাওঁ
চবৰে দোকান সোমাওঁ !
১ম ল’ৰা: অ’..... !
সকলোৱে: অ’ মহাজনৰ হাতখন দীঘল অ’..
সি যে কাৰেং ঢুকি পায়
স্ব-সাহতে টোকাৰী বজায়
স্ব-সাহতে টোকাৰী বজায়
গাড়ী চলি যায়
১ম ল’ৰা: গাড়ী চলি যায়
সকলোৱে: সৌৱা দেখোন ককা দেউতাই আইতাৰে সতে
কাণে কাণে কথা পাতে !
দেখি ভাৱো ভালতো নহয় এইবোৰ য’তে-ত’তে !
নেদেখি হঠাতে ..
১ম ল’ৰা: অ’....
সকলোৱে: অ’ ভয় নকৰো আমি কাকো অ’..
কোনে আমাক ঢুকি পায় ?
বৃকোদৰ আমাৰ সহায় !
বৃকোদৰ আমাৰ সহায় !
এক দুই তিনি চাৰি
যুতি দিলো গৰু গাড়ী
অ’ দেখিছা নে হাতীয়ে চলায়
দেখিছা নে হাতীয়ে চলায় ৷৷
বোলছবি/এলবাম: ককাদেউতা নাতি আৰু হাতী
গায়ক/গায়িকা: কোকিলা গোস্বামী আৰু মৃনালিনী দত্ত
সংগীত
পৰিচালক: ৰমেন বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
***গীতটো চাই ঠিক কৰি দিয়াৰ বাবে দিপা
ডেকা আপোনাক আন্তৰিক ধন্যবাদ জনাইছো ৷***
No comments:
Post a Comment