Assamese Song: Hou
Meghor Cha
Film: Aashray
Singer: Namita
Bhattachrya
Music Director: Ramen Baruah
Year: 1979
সৌ মেঘৰ ! ছাঁ দেখিলে
মন ভৰি বাৰু কিয়নো যায় ?
এই বনৰ ! বা লাগিলে
মন উৰি গুচি কলৈনো যায় ?
আজি কোমল ৰ’দৰ
মিঠা বতৰ !
আজি কোমল ৰ’দৰ
মিঠা বতৰ !
নিজান বনত নুবুজি যেন শুই ৰ’ম
.. !
আহা ! এই বনৰ ! বা লাগিলে
মন উৰি গুচি কলৈনো যায় ?
সৌ মেঘৰ ! ছাঁ দেখিলে
মন ভৰি বাৰু কিয়নো যায় ?
জিৰ্ জিৰ্ বৰষুণ পৰে
মৌ যেন নিজৰি জৰে !
ফুল সৌ লৰে কি চৰে
যেন কথা কয় মনে সতে !
গোপন গোপন আছে কিমান মৰম !
গোপন গোপন আছে কিমান মৰম !
যেন পখিলা হৈ ফুলৰ পাহিত পৰি ৰ’ম
!
আহা ! এই বনৰ ! বা লাগিলে
মন উৰি গুচি কলৈনো যায় ?
সৌ মেঘৰ ! ছাঁ দেখিলে
মন ভৰি বাৰু কিয়নো যায় ?
আলফুল পক্ষী তাই ধৰে
বিৰিষ পাখিত যে উৰে !
কোমলীয়া মনে যে মোৰে !
পানীৰে ধেমালী কৰে !
ইমান আপোন এই যে পানীৰ দাপোন !
ইমান আপোন এই যে পানীৰ দাপোন !
ৰহণ সনা হিয়াৰ আবেগ ক’ত
থম ?!
আহা ! এই বনৰ ! বা লাগিলে
মন উৰি গুচি কলৈনো যায় ?
সৌ মেঘৰ ! ছাঁ দেখিলে
মন ভৰি বাৰু কিয়নো যায় ?
বোলছবি/এলবাম: আশ্ৰয়
গায়ক/গায়িকা: নমিতা
ভট্টাচাৰ্য্য
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:-
গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে
যেন ]
No comments:
Post a Comment