Assamese Song: Kino Moromor
Jori
Film: Aashray
Singer: Namita
Bhattachrya
Music Director: Ramen Baruah
Year: 1979
কিনো মৰমৰ জৰী
কেনেকৈ ৰাখিবি ধৰি ?
কিনো মৰমৰ জৰী
কেনেকৈ ৰাখিবি ধৰি ?
ইমান যে ঠুনুকা..
জানোবা চিগি যায় !
(উচুপনি)
কিনো মৰমৰ জৰী
পদূলীৰে কপৌ ফুলজুপি
বেজাৰতে বাৰু আছেনে উচুপি !
পদূলীৰে কপৌ ফুল জুপি
বেজাৰতে বাৰু আছেনে উচুপি !
আকোঁৱালি ধৰি ৰাখিব নোৱাৰে
ফুলে তাক এৰি সৰি যায়...
(উচুপনি)
এই ভাল লগা , এই ভাল পোৱা
ফুল ফুলি যেন সৰি যোৱা !
এই ভাল লগা , এই ভাল পোৱা
ফুল ফুলি যেন সৰি যোৱা !
সৰেও যদি তোৰ চকুলো টুপি
যাবই লাগিব মই খুপি খুপি
মৰমে যে তোক ৰাখিছে ধৰি
মৰমতে থাকি মিলি যাওঁ !!
বোলছবি/এলবাম: আশ্ৰয়
গায়ক/গায়িকা: নমিতা
ভট্টাচাৰ্য্যৰ কন্ঠত
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:-
গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে
যেন ]
++ গীতটি চাই শুধৰাই দিয়াৰ বাবে দীপা ডেকালৈ ধন্যবাদ++
++ গীতটি চাই শুধৰাই দিয়াৰ বাবে দীপা ডেকালৈ ধন্যবাদ++
No comments:
Post a Comment