Assamese Song: Junak Bhora Nikha
Film: Debi
Singer: Malabika Borua
Music Director: ?
Year: ?
অ’.......(আলাপ)
অ’.......(আলাপ)
!
অ’...(আলাপ)
জোনাক ভৰা নিশা
উৰুকা মোৰ হিয়া
জোনাক লাগেনে তোক ?
অকলে কেতিয়াবা নিসঙ্গ অসহায় !
মৰম বিচাৰি নাপাই জোনবাই.. !
জোনাক ভৰা নিশা !
উদাৰ সূৰুযে উজাৰি বিলোৱা
জোনাকৰ আউসী দেখি !
তোৰো হিয়াখনি কঁপেনে অগনিতে
আন্ধাৰৰ আশাক দি !
দূৰৈত তৰালি জাকে উপহাস কৰে নেকি ?!
তোৰে.. ! মোৰে.. ! বেদনা দেখি.. !
নেদেখি.. নিজৰ পোহৰৰ মাত জোনবাই.. !
জোনাক ভৰা নিশা !
এমুঠি ৰাগ কিয়নো আহিলি ?
ধাকিলি.. ! কিয়নো..! হাঁহিটি !
হৰিলি ! কিমান ! জোনাক
জোনাক ভৰা নিশা !
বুকু ভৰা আশা
কেনেকৈ আজি যে মোৰ
ফুল যেন হাঁহি
সৰাফুল হ’ল তোৰ
জোনাক !
মৰম বিচাৰি নাপায়.. জোনবাই !
এন্ধাৰ ভৰা নিশা
মৰম বিচাৰি নাপায়
মৰম.. ! বিচাৰি .. (উচুপনি) নেপাওঁ !
বোলছবি/এলবাম: দেৱী
গায়ক/গায়িকা: মালবিকা বৰুৱা
সংগীত পৰিচালক: ?
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment